Header Ads Widget

Responsive Advertisement

১৭ বছৰ আগতে থালাপতি বিজয়ক লৈ ভুল সিদ্ধান্ত লৈছিল ৰাহুল গান্ধীয়ে!


১৭ বছৰ আগতে থালাপতি বিজয়ক লৈ ভুল সিদ্ধান্ত লৈছিল ৰাহুল গান্ধীয়ে!

      ✍️ হীৰক জ্যোতি কলিতা

তামিলনাডুত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ১১৮খন আসন গোটাব নোৱাৰা বাবে থাকিছিল চুপাৰষ্টাৰ বিজয়ৰ মুখ্যমন্ত্ৰী হোৱা।

পিছে এইগৰাকীয়ে বিজয়ে কেতিয়াবা মন মেলিছিল কংগ্ৰেছত যোগদানৰ বাবে। সেই সময়ত কেৱল আৰু কেৱল ৰাহুল গান্ধীৰ অপৰিপক্কতাৰ বাবে কংগ্ৰেছত যোগদান নকৰাকৈ দিল্লীৰ পৰা চেন্নাইলৈ উভতি যাবলগীয়া হৈছিল বিজয়। 

তামিলনাডুত আজি বিজয়ৰ কাষত থিয় হৈছে ৰাহুল গান্ধীয়ে। কংগ্ৰেছে টিভিকেলৈ আগবঢ়াইছে সমৰ্থন। কিন্তু আজিৰ পৰা ১৭ বছৰ পূৰ্বে কংগ্রেছত যোগদান কৰাৰ উদ্দেশ্যি ৰাহুল গান্ধীক সাক্ষাৎ কৰিছিল যোচেফ বিজয়ে। ২০০৯ চনত পিতৃ এছএ চন্দ্ৰশেখৰ আৰু সেই সময়ৰ যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক গোপীনাথ পলানিয়াপ্নানৰ সৈতে আহি ৰাহুল গান্ধীক সাক্ষাৎ কৰিছিল বিজয়ে। সেই সময়ত ইতিমধ্যে দক্ষিণৰ এক চুপাৰষ্টাৰ হিচাপে পৰিচয় লাভ কৰিছিল বিজয়ে। আনহাতে তেতিয়া কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিল ৰাহুল গান্ধী। কিন্তু কংগ্ৰেছৰ নিচিনা দলটোৰ সাধাৰণ সম্পাদক হৈয়ো বিজয়ৰ জনপ্ৰিয়তাক বুজিব নোৱাৰিলে ৰাহুল গান্ধীয়ে। সেই সময়ত ৰাহুল গান্ধীয়ে বিজয়ক যুৱ কংগ্ৰেছৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ নিজক প্ৰমাণ কৰিব দিছিল। কিন্তু তাকে নকৰি দিল্লীৰ পৰা চেন্নাইলৈ ঘূৰি গৈছিল বিজয়।

থালাপতি বিজয়ে ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৩৪ বছৰ। কিন্তু তেতিয়ালৈ ৫০খনতকৈ অধিক চিনেমাত অভিনয় কৰিছিল বিজয়ে। বিজয়ৰ দেউতাক চন্দ্ৰশেষৰ আছিল কংগ্ৰেছৰ আদৰ্শত বিশ্বাসী। দেউতাকেই বিজয়ক কৈছিল কংগ্ৰেছত যোগদানৰ কথা। ২০০৯ৰ গান্ধী আৰু বিজয়ৰ সেই গোপন বৈঠকৰ কথা জনা এগৰাকীৰ মতে বিজয়ে পাৰ্টীৰ পৰা একো বিচৰা নাছিল। দলীয় টিকট বা পদবীৰ বাবেও হাবিয়াস কৰা নাছিল। কেৱল কংগ্ৰেছত যোগদান কৰিব বিচাৰিছিল। কিন্তু তাৰ পৰিৱৰ্তে ৰাহুল গান্ধীয়ে বিজয়ক যুৱ কংগ্ৰেছৰ নিৰ্বাচন খেলি নিজক প্ৰমাণ কৰিবলৈ কৈছিল। অৱশ্যে বিজয়ৰ কংগ্ৰেছত যোগদানৰ বিৰোধিতা কৰিছিল কংগ্ৰেছৰ মিত্ৰ ডিএমকে দলে। এনেকৈয়ে কংগ্রেছত যোগদান নকৰাকৈ উভতি গৈছিল বিজয়। এই বিজয়ৰ টিভিকে দলে তামিলনাডুত ১০৮খন আসন লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে বিজয়ৰ দেউতাকে কংগ্রেছক উদ্দেশ্যি কয়, বিজয়ক সমৰ্থন কৰক। তেওঁ আপোনালোকক হেৰুওৱা ক্ষমতা ঘূৰাই দিব। 

এতিয়া কংগ্ৰেছ-টিভিকেৰ মিত্ৰতাৰ পিছত বহুতে কৈছে, ৰাহুল গান্ধীৰ ভুলৰ বাবেই আজি এগৰাকী মুখ্যমন্ত্ৰী হেৰুৱালে কংগ্ৰেছে। তাৰ মাজতে একাংশৰ মতে আকৌ সেইদিনা কংগ্রেছত যোগদান নকৰাই মংগল হ’ল বিজয়ৰ বাবে। কংগ্ৰেছত যোগদান কৰা হ’লে কেতিয়াও নাপালে হয় আজিৰ স্থান।

এইবোৰ মানুহৰ কথা, বাকীবোৰ সময়ৰ খেল। সময়েহে জানে কাক কেতিয়ালৈ কোনফালে টানে!

Post a Comment

0 Comments