Header Ads Widget

Responsive Advertisement

ৰাজনীতি

 


ৰংপুৰৰ পৰা লোকসভা নিৰ্বাচনৰ ৰণডংকাৰে উজনিত শক্তি প্ৰদৰ্শন অসম গণ পৰিষদ দলৰ।ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই সমাগত লোকসভা নিৰ্বাচনত মিত্ৰ শক্তিৰ কোনো ক্ষতি কৰিব নোৱাৰে - মন্তব্য অগপ নেতৃত্বৰ । সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে তৎপৰ অসম গণ পৰিষদ দল । সাংগঠনিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে বুথ সন্মিলন । যোৰহাট সংসদীয় সমষ্টিৰ উদ্যোগত শিৱসাগৰ বিধানসভা সমষ্টি সমিতিৰ ব্যবস্থাপনাত আয়োজিত বুথ সন্মিলনত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা অগপ দলৰ সভাপতি অতুল বৰা ,কেবিনেট মন্ত্ৰী তথা অগপ দলৰ কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত,বিধায়ক ফণীভূষণ চৌধৰী ,বিধায়ক প্ৰদীপ হাজৰিকা,যুৱ পৰিষদৰ নেতৃত্ব তথা জিলা আৰু ৰাজ্যিক পৰ্য্যায়ৰ অগপ নেতাসকল উপস্থিত থাকে । সমষ্টি পুনঃনিৰ্ধাৰণ জৰিয়তে গঠিত নতুন বিধানসভা সমষ্টিসমূহত লোকসভা নিৰ্বাচনৰ পূৰ্বে অগপ দলৰ সাংগঠনিক ভেটি তৃণমূল পৰ্য্যায়লৈকে শক্তিশালী কৰাৰ উদ্দেশ্যেৰে ক্ৰমাগতভাবে বুথ সন্মিলনসমূহ অনুষ্ঠিত কৰি যোৱাৰ লগতে লোকসভা নিৰ্বাচনৰ পূৰ্বে মিত্ৰ দল বি জে পিৰ সৈতে আলোচনাৰ মাধ্যমেৰে আসন ভাগ বটোৱাৰা কৰাৰ বিষয়ে জানিবলৈ দিয়ে অগপৰ কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই ।


Post a Comment

0 Comments