Header Ads Widget

Responsive Advertisement

হিমন্তবিশ্বলৈ ভাল বিস্কুটৰ পেকেট এটা পঠিয়াবলৈ মই ৰাহুল গান্ধীক পৰামৰ্শ দিছিলো : ড০ যোগেন্দ্ৰ যাদৱ


 

দেশৰ আগ শাৰীৰ সাংবাদিক  প্ৰশান্ত টেন্ডনৰ এটা টক শ্ব'ত প্ৰখ্যাত ৰাজনৈতিক বিশ্লেষক তথা ভাৰত জোড় যাত্ৰাৰ অন্যতম অংশীদাৰ অধ্যাপত ড০যোগেন্দ্ৰ যাদৱে ভাৰত জোড় ন্যায় যাত্ৰাৰ অভিজ্ঞতাৰে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আৰু অসমৰ জনসাধাৰণৰ সন্দৰ্ভত কেতবোৰ অতি গুৰুত্বপূৰ্ণ মন্তব্য আগ বঢ়াইছে | ৰাহুল গান্ধীৰ লগত মণিপুৰৰ পৰা একে খন বাছতে যাত্ৰাত অংশ লোৱা যাদৱৰ মতে অসমত ভাৰত জোড় ন্যায় যাত্ৰা ব্যাপক সফল হোৱাৰ নেপঠ্যৰ নায়ক জন হল হিমন্তবিশ্ব শৰ্মা | ৰাহুল গান্ধীৰ যাত্ৰা অসমত প্ৰৱেশ কৰাৰ আগ মুহূৰ্তৰে পৰা মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই যি বোৰ লম্ফ-জম্ফ মন্তব্য আৰু কাণ্ড-কাৰখানা কৰিবলৈ ললে, সেই বোৰ কণ্ডৰ ফলত যাত্ৰাটোৱে ব্যাপক প্ৰচাৰ লাভ কৰিলে | ফলত বিজেপি চৰকাৰৰ প্ৰতি ক্ষোভ থকা অসমৰ জনগণ ৰাজনীতিৰ উৰ্ধত গৈ যাত্ৰাৰ অংশীদাৰ হল | ড০ যোগেন্দ্ৰ যাদৱে কৌতুক কৰি সাংবাদিক টেন্ডনক কয়- সেয়েহে মই যাত্ৰাৰ সময়তে ৰাহুল গান্ধীক কৈছো -কৃতজ্ঞতাৰ প্ৰতীক হিচাপে আপুনি এথোপা ফুলৰ  হিমন্তবিশ্ব শৰ্মালৈ পঠিয়াওঁক | কাৰণ শৰ্মাৰ লম্ফ-জম্ফ অবিহনে অসমৰ দৰে ৰাজ্যত যাত্ৰাই জনসাধাৰণৰ পৰা এনে ব্যাপক সহাৰি নেপালে হেতেন !  শ্ব'ত ড০ যাদৱে আৰু কয় -ৰাহুল গান্ধীয়ে হিমন্তবিশ্বৰ প্লেটৰ পৰা বিস্কুট লৈ কুকুৰক খোওৱা খং হিমন্তবিশ্ব শৰ্মাৰ মূৰৰ পৰা ননমাৰ বাবেই যে তেওঁৰ সমৰ্থকক লগাই উত্তৰ অসমত যাত্ৰাৰ মাজত সোমাই মোডী,মোডী চিঞৰিবলৈ দিছিল, সংঘৰ্ষত লিপ্ত কৰাইছিল সেই কথা বোৰ আমি সকলোৱে বুজি পাইছিলো | গতিকে কৌতুক কৰিয়েই ৰাহুল গান্ধীক পৰামৰ্শ দিছিলো -"ভাল বিস্কুটৰ পেকেট এটা হিমন্তবিশ্ব শৰ্মালৈ প্ৰেৰণ কৰক |" দেশৰ বিশিষ্ট ৰাজনৈতিক পৰ্যবেক্ষক গৰাকীয়ে গুৰুত্বপূৰ্ণ মন্ত্য আগবঢ়াই কয় - "অসমীয়া মানুহ খিনি সৰল আৰু ভদ্ৰ স্বভাৱৰ ৷ মানুহক উচ্ছ স্বৰতে কথা নকয় | ব্যৱহাৰত অতি নম্ৰ | হাই-কাজিয়াৰে এই যাত্ৰাত বাধাৰ সৃষ্টি কৰা সকলৰ মাজত খিলঞ্জীয়া অসমীয়া নাছিলেই বুলিব পাৰি | মূলত: প্ৰৱজনকাৰী হিন্দী ভাষীয়ে উত্তৰ অসমত ন্যায় যাত্ৰাত বাধাৰ সৃষ্টি কৰিছিল | হতা-হতিৰ সূত্ৰপাত ঘটাইছিল ||"

Post a Comment

0 Comments