Netv Digital News Desk- গুজৰাট গেঙক নিৰ্বাচনত জনতাই ভোট দি নিজিকাই | গুজৰাট গেং নিৰ্বাচনত জিকে EVM মেনেজ কৰি | এয়া আজিৰ বাস্তৱ সত্য | গতিকে গুজৰাট গেঙৰ বিজেপি চৰকাৰৰ ওচৰত সাধাৰণ নাগৰিকৰ সুবিধা-অসুবিধাৰ প্ৰসংগ অৰ্থহীন |
আপোনালোকে গম পাইছেনে নাই নেজানো ! ৰাষ্ট্ৰীয় ঘাই পথৰ (National Hiway) কাষত বাস কৰা ব্যক্তিগত ঘৰ বা বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠানে নিজৰ ঘৰৰ বা ব্যৱসায়ী প্ৰতিষ্ঠানৰ পদূলি/মুখ ৰাষ্ট্ৰীয় ঘাই পথত সংযোগ কৰি চলা ফুৰা বা ব্যৱসায় বাণিজ্য কৰিবলৈ হলে এতিয়াৰে পৰা Ministry of Road Transport and Highway ৰ পৰা অনুমতি পত্ৰ লব লাগিব | এই অনুমতি পত্ৰৰ বাবে আবেদন মাছুল ১০ হাজাৰ টকা | তদুপৰি প্ৰাৰম্ভিক এবছৰীয়া অনুমোদনৰ বাবে ২০ হাজাৰ টকা মাছুল আদায় দিব লাগিব | এই মাছুলৰ ওপৰিও একোটা পদূলিৰ স্থায়ী অনুমতি পত্ৰৰ বাবে National Highway Authority ক জমা দিব লাগিব আঢ়ৈ লাখ টকা | এই আঢ়ৈ লাখ টকা আদায় দিয়াৰ পিছত নিজা ঘৰৰ পদূলি, ব্যৱসায়ী প্ৰতিষ্ঠানৰ পদূলি ১৫ বছৰৰ বাবে ৰাষ্ট্ৰীয় পথত সংযোগ ৰাখিবৰ বাবে চৰকাৰে অনুজ্ঞা পত্ৰ দিব || মুঠৰ ওপৰত এতিয়াৰে পৰা যি কোনো ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত বাস কৰা ব্যক্তি বা ব্যৱসায়ী প্ৰতিষ্ঠানে নিজ নিজ ঘৰ বা ব্যৱসায়ী প্ৰতিষ্ঠানৰ পদূলি ৰাষ্ট্ৰীয় ঘাই পথত সংযোগ কৰি নিজৰ জীৱন চলাই নিবলৈ দুবছৰৰ ভিতৰত National Highways Authority ক ২ লাখ ৮০ হাজাৰ টকা আদায় দিয়াটো বাধ্যতামূলক |গুৰুত্বপূৰ্ণ কথা হল এই ২ লাখ আশী হাজাৰ টকাতে ব্যক্তি বা প্ৰতিষ্ঠানে জীৱনটোৰ বাবে পদূলি সংযোগৰ অনুমতি নেপায় | এই মাছুলৰ ওপৰিও তৃতীয় বছৰৰ পৰা প্ৰতি বছৰে অনুজ্ঞা পত্ৰ নৱীকৰণ কৰিব লাগিব | এই নবীকৰণৰ সময়ত প্ৰতি পদূলিৰ বাবে ৩ৰ পৰা ৫ হাজাৰ টকা আদায় দিব লাগিব | এই পক্ৰিয়াৰে ১৩ বছৰ পদূলি মাছুল আদায় দিয়াৰ পিছত ১৪ নং বছৰৰ জানুৱাৰী মাহত প্ৰথম বছৰৰ দৰে আবেদন কৰি দুটা পৰ্যায়ৰ মাছুল জমা দিব লাগিব | সেই নতুন মাছুল কি হব কেন্দ্ৰীয় চৰকাৰে যথা সময়ত নিৰ্ধাৰণ কৰিব | এই সম্পৰ্কীয় কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগে নিৰ্দেশনা জাৰি কৰিছে | ২০২০ চনত চৰকাৰে সাজু কৰি ৰখা ৫৬ পৃষ্ঠাৰ এই নিৰ্দেশনা এই মাহৰ পৰা সমগ্ৰ দেশত কাৰ্যকাৰী কৰিবৰ বাবে মোডী চৰকাৰে তৎপৰতা আৰম্ভ কৰিছে ||
0 Comments