Header Ads Widget

Responsive Advertisement

প্ৰকাশ হল EVMৰ চাঞ্চল্যকৰ তথ্য : সেয়েহে নিৰ্বাচনৰ বহু আগতেই জিকাৰ আসনৰ সংখ্যা কয় বিজেপিয়ে


 

চুপ্ৰিম কৰ্টৰ অধিবক্তা দলে ফাদিল কৰিলে মোডী চৰকাৰৰ EVMৰ প্ৰতি অটল বিশ্বাসৰ ৰহস্য | অতদিনে আমাৰ ধাৰণা আছিল যে ভাৰতৰ নিৰ্বাচনত ব্যৱহৃত EVM নিৰ্মাণ কৰে BEL আৰু ECIL নামৰ কোম্পানী দুটাই | এয়া অদ্ধ সত্য | কাৰণ EVMৰ হাৰ্ডৱেৰ খিনিহে প্ৰস্তুত কৰে এই দুয়োটা কোম্পানীয়ে | মূল ছফটৱেৰ প্ৰস্তুত কৰে ভাৰতীয় নিৰ্বাচনী আয়োগৰ কাৰিকৰী বিশেষজ্ঞ দলে | কেলেংকাৰি সংঘটিত হয় তাতেই | অধিবক্তা ভানু প্ৰতাপ সিঙে এই সম্পৰ্কত বাখ্যা আগ বঢ়াই কয়-  EVMৰ কন্ট্ৰল ইউনিটত থকা time file আৰু Candidate fileৰ চফটৱেৰত ছেট কৰি ইচ্ছা অনুযায়ী ভোট ইফাল সিফাল কৰা সম্ভৱ | এই প্ৰক্ৰিয়াৰেই বিগত নিৰ্বাচন অসমূহত নিৰ্বাচন আয়োগে কাম কৰাৰ ফলত বিজেপিৰ নেতাই নিৰ্বাচনৰ আগতেই কিমান চিটত জিকিব  সেই বিষয়ে মন্তব্য দি মানুহৰ মনত বিশ্বাসৰ সৃষ্টি কৰে | নিৰ্বাচনৰ ফলাফলত সেই অংকৰ আসনেই বিজেপিয়ে লাভ কৰে | অধিবক্তা ভানু প্ৰতাপে আৰু কয়- দুই চাৰিখন ৰাজ্যৰ নিৰ্বাচনত বিজেপিৰ বিৰোধী শক্তিক জিকিবলৈ এৰি দিয়াটো বিজেপি আৰু নিৰ্বাচনী আয়োগৰ পৰিকল্পিত কাৰচাজি | কাৰণ তাকে নকৰিলে মানুহৰ মনত সন্দেহ ঘণীভূত হোৱাৰ সম্ভাৱণা বেছি | EVM মেনেজ সম্পৰ্কীয় বিগত নিৰ্বাচনৰ বহু কেইটা তথ্য প্ৰকাশ কৰি অধিবক্তা ভানু প্ৰতাপ সিঙে কয়-এই সকলো প্ৰামাণ্য তথ্য লৈ আমাৰ দলৰ অধিবক্তা নৰেন্দ্ৰ মিশ্ৰ ইতিমধ্যে চুপ্ৰিম কৰ্টৰ দ্বাৰস্থ হৈছে আৰু এই সম্পৰ্কত ইতিমধ্যে  কৰ্টৰ প্ৰাৰম্ভিক বিচাৰ প্ৰক্ৰিয়াৰ কাম আৰম্ভ হৈছে | দুই এদিনৰ ভিতৰত শুনানি আৰম্ভ হব | কিন্তু EVM প্ৰত্যাহাৰৰ বাবে ন্যায় যুঁজৰ লগতে ৰাজপথৰ যুঁজ চলাই নিবৰ বাবে চুপ্ৰিম কৰ্টৰ অধিবক্তাৰ দল বদ্ধপৰিকৰ | সেয়েহে EVM প্ৰত্যাহাৰৰ দাবীত ৩১ জানুৱাৰীত অধিবক্তাৰ দলে ভাৰতৰ নিৰ্বাচনী আয়োগৰ কাৰ্যলয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছো |

Post a Comment

0 Comments