মৌলানা আজাদ ফাউন্ডেচন বন্ধৰ নিৰ্দেশ
************************************
মৌলানা আজাদ ফাউন্ডেচন(MEF)বন্ধৰ বাবে কেন্দ্ৰীয় সংখ্যালঘু মন্ত্ৰণালয়ে এক বিতৰ্কিত আদেশ জাৰি কৰিছে।ইয়াৰ ফলত ভাৰতীয় মুছলমানসকলৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ঠ প্ৰতিকূল প্ৰভাৱ পৰিব।এই ফাউন্ডেচনে ভাৰতীয় মুছলমান ছাত্ৰ-ছাত্ৰীসকলক বৃত্তিৰ ব্যৱস্থা কৰি তেওঁলোকৰ শিক্ষা লাভৰ বাট সুগম কৰাত সহায় কৰি আহিছিল।
১৯৮৮ চনত তৎকালীন কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত ভাৰতৰ প্ৰথমগৰাকী শিক্ষা মন্ত্ৰী তথা বিশিষ্ট স্বাধীনতা সংগ্ৰামী মৌলানা আবুল কালাম আজাদৰ জন্ম শতবাৰ্ষিকীত প্ৰতিষ্ঠা কৰা হৈছিল মৌলানা আজাদ এডুকেচন ফাউন্ডেচন।উল্লেখযোগ্য যে এই কেন্দ্ৰীয় সংস্থাটোৱে দেশৰ সংখ্যালঘু সম্প্ৰদায়ৰ শিক্ষাক আগুৱাই নিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।কিন্তু বিগত ৭ ফ্ৰেব্ৰুৱাৰী তাৰিখে কেন্দ্ৰীয় সংখ্যালঘু মন্ত্ৰণালৰ আন্ডাৰ চেক্ৰেটাৰী ধীৰাজ কুমাৰে এক জাননী যোগে ঐতিহ্যবাহী আজাদ এডুকেচন ফাউন্ডেচন বন্ধ কৰি দিয়াৰ কথা ঘোষণা কৰিছে।জাননীখনত কি কাৰণে এই ফাউন্ডেচন বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে, সেই কথা উল্লেখ কৰা হোৱা নাই।
এগৰাকী দূৰদৰ্শী নেতা হিচাপে মৌলানা আজাদে ভাৰতবৰ্ষৰ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা যুগান্তকাৰী অৱদানৰ কথা কোনেও নুই কৰিব নোৱাৰে।তেওঁৰ নিৰ্দেশনা মৰ্মেই Indian Institute of Technology আৰু All India Institute of Medical Sciences ৰ দৰে উচ্চ শিক্ষাৰ প্ৰখ্যাত অনুষ্ঠানবোৰ স্থাপিত হৈছিল।নক'লেও হয়,এই অনুষ্ঠানবোৰে প্ৰযুক্তিগত আৰু চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিছিল।
জানিব পৰা মতে,সংখ্যালঘুসকলৰ শিক্ষামূলক কৰ্মসূচীৰ তদাৰকৰ দায়িত্বত থকা সংখ্যালঘু মন্ত্ৰণালয়ৰ অধীনস্থ সংস্থা Central Wakaf Council ৰ এক প্ৰস্তাৱ মৰ্মে মৌলানা আজাদ এডুকেচন ফাউন্ডেচন বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।ছাত্ৰ-ছাত্ৰীসকলক বৃত্তি প্ৰদানৰ উপৰিও সংখ্যালঘুসকলৰ শিক্ষাপ্ৰতিষ্ঠানবোৰক আন্তঃগাথনিগত সুবিধাবোৰ উন্নত কৰিবলৈ অনুদান প্ৰদানৰ ক্ষেত্ৰতো এই ফাউন্ডেচনে সহায় কৰিছিল। তদুপৰি এই ফাউন্ডেচনে সংখ্যালঘু সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলক বৃত্তিমূলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰি তেওঁলোকৰ কৰ্মসংস্থাপনৰ ব্যৱস্থাও কৰিছিল।
মৌলানা আজাদ ফাউন্ডেচন বন্ধ কৰি দিয়াৰ ফলত সংখ্যালঘু বিশেষকৈ মুছলমান ছাত্ৰ-ছাত্ৰী এইবোৰ সুবিধাৰ পৰা বঞ্চিত হব।
এই কাৰ্য ই কেন্দ্ৰীয় চৰকাৰৰ মুছলমান বিৰোধী নীতিৰে প্ৰতিফলন ঘটাইছে।কিন্তু আচৰিত কথা-কেন্দ্ৰীয় চৰকাৰৰ এনে সংখ্যালঘুবিৰোধী নীতিৰ বিপক্ষে কোনো বিৰোধী দলেই কোনো ধৰণৰ প্ৰতিবাদ কৰা দেখা নগ'ল।
0 Comments