Header Ads Widget

Responsive Advertisement

চুপ্ৰিম কৰ্টৰ মুখ্য ন্যায়াধীশ ডি.ৱাই চন্দ্ৰচূড়ৰ গুৰুত্বপূৰ্ণ টিপ্পনী -" চণ্ডিগড়ত গণতন্ত্ৰ হত্যা কৰা হৈছে "

Chief Justice of Supreme Court

 

চণ্ডিগড়ৰ নগৰ নিগমৰ নিৰ্বাচনত নিৰ্বাচনী বিষয়াই INDIA Allianceৰ ৮ পাৰিষদৰ ভোট নীতিবৰ্হিভূতভাৱে নাকচ কৰি বিজেপিৰ প্ৰাৰ্থীক মেয়ৰ ঘোষণা কৰা বিষটোৰ আজি চুপ্ৰিম কৰ্টত প্ৰাৰম্ভিক শুনানি আৰম্ভ হওঁতেই মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচূড়ে ঘটনাৰ Video চাই টিপ্পনি কৰে যে -" চণ্ডিগড়ৰ নগৰ নিগম নিৰ্বাচনত গণতন্ত্ৰক হত্যা কৰা হৈছে | প্ৰিজাইডিং অফিচাৰ অনিল মছিৰে যি পক্ৰিয়াৰে বেলত নষ্ট কৰিছে, শ্ৰীমছিৰৰ বিৰুদ্ধে তদন্ত হব লাগে |"  এই প্ৰথম শুনানিতে চুপ্ৰিম কৰ্টে চণ্ডিগড় নগৰ নিগমৰ মেয়ৰৰ সকলো কাম-কাজ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰে | তদুপৰি পাঞ্জাৱ আৰু চণ্ডিগড হাইকৰ্টলৈ নিৰ্দেশ জাৰি কৰে যে নগৰ সদ্য সমাপ্ত নগৰ নিগমৰ মেয়ৰ নিৰ্বাচনৰ বেলটৰ পৰা আৰম্ভ কৰি সকলো নথি পত্ৰ অচিৰেই কৰ্টে জব্দ কৰি ১২ ফেব্ৰুৱাৰীৰ শুনানিৰ সময়ত দাখিল কৰিব লাগিব ||


এতিয়া আহো বিতং খবৰলৈ - চণ্ডিগড় পৌৰ নিগমৰ মুঠ পৰিষদৰ সংখ্যা হল ৩৬ গৰাকী | NDAৰ হৈ নিৰ্বাচনত অংশ ললে বি জে পি আৰু শিৰোমণি আকালি দলে | INDIA Allianceৰ হৈ অংশ ললে কংগ্ৰেছ আৰু আম আদমি পাৰ্টীয়ে | নিৰ্বাচনত INDIA Allianceৰ ২০ গৰাকী আৰু NDAৰ ১৬ গৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰিলে | তাৰ পিছত পাল আহিল মেয়ৰ নিৰ্বাচনৰ | এই নিৰ্বাচনত INDIA Alliance প্ৰাৰ্থী হল কূলদীপ তীখা আৰু NDAৰ প্ৰাৰ্থী মনোজ চুনকাৰ | ১ফেব্ৰুৱাৰীত ভোট গ্ৰহন অনুষ্ঠিত হল | INDIA Alliance আৰু NDA পাৰিষদ সকলে নিজ নিজ প্ৰাৰ্থীৰ সমৰ্থনত ভোট দান কৰাত স্বাভাৱিকতে ভোট দান হল ২০ : ১৬ | অৰ্থাৎ INDIA Allianceৰ প্ৰাৰ্থীয়ে মেয়ৰ পদত জয়লাভ কৰিলে | কিন্তু সকলোকে আচৰিৎ কৰি ৰিটাৰ্ণিং বিষয়া অনিল মছিৰে INDIA Allianceৰ ৮ টা ভোট নাকচ কৰি NDAৰ প্ৰাৰ্থী  মনোজ চুনকাৰক বিজয়ী ঘোষণা কৰিলে | ঘটনাৰ লগে লগে আম আদমি পাৰ্টী চণ্ডিগড় উচ্চ ন্যায়ালয়ৰ কাষ চাপিল | কিন্তু উচ্চন্যায়ালয়ে আবেদন খাৰিজ কৰাত আম আদমি পাৰ্টী কাষ চাপিল উচ্চতম ন্যায়ালয়ৰ |

Post a Comment

0 Comments